গঙ্গাৰ ওপৰেদি
ভল্গা নদীলৈ চালোঁ ,
ভল্গাৰ পাৰত
জুই ফুল ফুলিছে
উত্তাপত তাৰ পৃথিৱী দহিছে
যেন মানুহ পোৰাৰ গোন্ধ পালোঁ।
সৌ হিমালয়
সিপাৰে শুনিছোঁ
হুৱাংহোৰ গৰ্জন ,
বিশ্ব অধিপতি হোৱাৰ কামনাৰে
কৰিছে শক্তি অৰ্জন।
ফেনে ফুটুকাৰে
মিচি চিপি বাঢ়িছে
পৃথিৱী বুৰাব বানে ,
মহা শক্তিৰ যুঁজৰ দৌৰত বিজয়ী নহয় মানে ।
মৰুৰ দেশতো
জ্বলিছে জুই
মানৱতাৰ অৱসান,
পৃথিৱী নাথাকিলে
ক'ত নো থাকিবা
ভাবাচোন অকনমান।
ৰাতুল চেতিয়া ফুকন
0 Comments