মধ্যপ্ৰাচ্যৰ ছবি

আন্ধাৰৰ বাবে পোহৰ নাছিল
নিস্তদ্ধ ৰাজআলিয়েদি মৃত্যুৰ পদযাত্ৰা
শ্মশান মুখি মৃতমানুহৰ সমদল
কিন্তু শ্মশান ক'ত
শ্মশান নাই ।
প্ৰতিনিয়ত ধোঁৱা হৈ উৰে জীৱন ।
 কান্দিবলৈ এতিয়া চকুলোৰ অভাৱ
নিজক প্ৰশ্ন কৰিছোঁ
শ্ৰেষ্ঠ নে আমি
জীৱ শ্ৰেষ্ঠ? 


ৰাতুল চেতিয়া ফুকন

Post a Comment

0 Comments