সুৰৰ দেউল সঁজা
তুমি ক'লাগুৰু বিষ্ণু ৰাভা...
মাটিৰ মানুহ তুমি
শুদ্ধ অসমীয়া...!!
তুমি শিল্পী
গণ শিল্পী...
অলিয়ে গলিয়ে,
মঠে-মন্দিৰে ঘূৰি ফুৰি
বুটলি মুকুতা বিলালা জনতাক....
প্ৰয়াস তোমাৰ
ধৰ্মীয় বিদ্বেষ উভালি
বোৱাবলে সাম্প্ৰদায়িক সম্প্ৰীতি....!!
তুমি সাম্যবাদী
গণ সংস্কৃতিৰ সাধক তুমি
তুমি বিপ্লৱী...!
তুমি আদৰ্শ নিষ্ঠা, আপোচহীন
কষ্টসহিষ্ণু সংগ্ৰামী...!!
আজিৰ এই ক্ষয়িষ্ণু পৰিবেশত
তোমাক আমাৰ প্ৰয়োজন...
প্ৰয়োজন প্ৰগতিশীল সাংস্কৃতিক
জাগৰণ পুনৰ বোৱাবলৈ...!!
তুমি আহা তাণ্ডৱৰ কপঁনিৰে
মাটিৰ মানুহৰ কলিজাত
নিঃস্বাৰ্ৰ প্ৰেমৰ কঠিয়া সিঁচিবলৈ...!!
তুমি আহা
কম্ ৰেড ৰাভা হৈ
জনজাগৰণ জগাবলৈ...!!
তুমি আহা উত্তৰসূৰীৰ বাবেই
আহা তুমি সম্প্ৰীতিৰ বৰ অসমখন
বান্ধিবলৈ....!!
তুমি আহা বিষ্ণু ৰাভা...
তুমি আহা...!!!
0 Comments